মাজিদুৰ ৰহমান বৰপেটা জিলাৰ বাঘমাৰা চৰৰ এজন পৰিচিত সমাজসচেতন যুৱক। তেওঁ সদায় সাধাৰণ ৰাইজৰ সুখ-দুখৰ সৈতে জড়িত হৈ থাকে আৰু যেতিয়াই কোনো সমস্যাৰ সৃষ্টি হয়, তেতিয়াই সম্ভৱপৰ সহায়ৰ হাত আগবঢ়াই দিয়ে। সমাজসেৱা, জনসচেতনতা বৃদ্ধি আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ অধিকাৰৰ পক্ষে মাত মাতি অহাটো তেওঁৰ অন্যতম বৈশিষ্ট্য। ২০০২ চনৰ ৯ ডিচেম্বৰত অসমৰ বৰপেটা জিলাৰ বাঘমাৰা চৰত তেওঁৰ জন্ম হয়। সৰুৰে পৰাই শিক্ষা, সমাজসেৱা আৰু জনকল্যাণমূলক কাম-কাজৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ আছিল। তেওঁ ফাৰ্মাচী শিক্ষা সম্পূৰ্ণ কৰি স্বাস্থ্য আৰু ঔষধ সম্পৰ্কীয় জ্ঞান লাভ কৰে। ইয়াৰ পিছতো তেওঁ উচ্চশিক্ষাৰ বাবে অধ্যয়ন অব্যাহত ৰাখে আৰু নিজকে অধিক দক্ষ কৰি তোলাৰ চেষ্টা চলাই যায়। মাজিদুৰ ৰহমানে বিশেষকৈ অসমৰ সংখ্যালঘু মুছলমান সমাজৰ বিভিন্ন সমস্যা, শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায় আৰু অধিকাৰৰ বিষয়ত সচেতনতা সৃষ্টিৰ কাম কৰি আহিছে। তেওঁ বিশ্বাস কৰে যে শিক্ষা, ঐক্য আৰু সচেতনতাই সমাজৰ উন্নয়নৰ মূল চাবিকাঠি। সেই উদ্দেশ্যে তেওঁ বিভিন্ন সামাজিক বিষয়ত নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে ৰাইজক সজাগ আৰু সংগঠিত হ'বলৈ আহ্বান জনাই আহিছে। তেওঁৰ লক্ষ্য কেৱল ব্যক্তিগত সফলতা নহয়, বৰঞ্চ সমাজৰ পিছপৰা আৰু বঞ্চিত লোকসকলক আগুৱাই নিয়া। সেয়ে তেওঁ সদায় ৰাইজৰ মাজত থাকি তেওঁলোকৰ সমস্যা বুজিবলৈ আৰু সমাধানৰ বাবে প্ৰয়াস চলাবলৈ ভাল পায়। সমাজৰ কল্যাণ, ন্যায় আৰু উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাই তেওঁৰ জীৱনৰ অন্যতম আদৰ্শ। তেওঁৰ social media instagram link https://www.instagram.com/mazidur_sarkar?igsh=MWh5YXpxcmszbnI5Zg== আৰু facebook link https://www.facebook.com/share/1CdjNzbamS/. তেওঁ দিল্লীৰ জন্তৰ মন্তৰত CJP-ৰ প্ৰতিবাদ কাৰ্যসূচী অংশগ্ৰহণ কৰে।কেন্দ্ৰীয় শিক্ষামন্ত্ৰী Dharmendra Pradhan-ৰ পদত্যাগৰ দাবীত শ শ লোক একত্ৰিত হৈ প্ৰতিবাদ কৰে।প্ৰতিবাদস্থলীত উপস্থিত থাকি আন্দোলনকাৰীসকলক সমৰ্থন জনাইছে প্ৰখ্যাত পৰিৱেশ কৰ্মী Sonam Wangchuk-এ।

Comments